Class 11 Assamese Chapter 1 Question and Answer / Solution ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা সম্পৰ্কে SEBA Teachers দ্বাৰা প্ৰস্তুত কৰা উত্তৰসমূহ ছাত্র-ছাত্ৰীসকলৰ বাবে অতি উপকাৰী। এই উত্তৰসমূহে পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সঠিক আৰু বিস্তারিত সমাধান আগবঢ়ায়। লগতে অধ্যায়টোৰ বুজাবুজি সুগঢ় কৰি তুলিবলৈ সহায় কৰে।
ক্লাছ ১১ৰ অসমীয়া পাঠ্যক্ৰমৰ প্ৰথম অধ্যায় “ধনৰ ব্যৱহাৰ” (সত্যনাথ বৰা) এক গুৰুত্বপূর্ণ অধ্যায় হিচাপে গণ্য কৰা হয়। এই অধ্যায়টোৱে ধনৰ সঠিক ব্যৱহাৰ, মানৱৰ ধনৰ প্ৰতি মনোভাৱ, আৰু অপচয় ৰোধৰ প্ৰয়োজনীয়তা সম্পৰ্কে গভীৰ পাঠ দিয়াৰ লগতে নৈতিক শিক্ষা প্ৰদান কৰে।

আৰ্হি প্ৰশ্ন (মূল্যাংক – ১)
১. কৃপণলোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা কৃপণলোকৰ দুই ধৰ্ম।
২. অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?
উত্তৰঃ আয় অনুসৰি ব্যয় কৰা অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ।
৩. দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ অলপ আয় অধিক ব্যয় দৰিদ্ৰ হোৱাৰ চিন।
৪. মানুহৰ ঋণ কেতিয়া হয়?
উত্তৰঃ উপাৰ্জনতকৈ অধিক মাত্ৰাত খৰচ কৰিলে মানুহে ঋণ ল’ব লগা হয়।
৫. কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।
চমু প্ৰশ্ন (মূল্যাংক – ২/৩)
১. ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ
- ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।
- খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।
২. কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ
কৃপণলোকে আনৰ ধন খৰচক অত্যাচাৰ যেন বোধ কৰে। তেওঁলোকৰ মতে, উত্তম ভোজন খং, উত্তম পিন্ধন গপ, আৰু দান-দক্ষিণা অপব্যয়।
৩. লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰঃ
- দয়া বৃত্তি ফলাবলৈ।
- অহংকাৰ বা লোভ ফলাবলৈ।
৪. কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
উত্তৰঃ
- পৃথিৱীত খ্যাতি ৰাখিবৰ বাবে।
- সন্তান-সন্ততিৰ বাবে ধনৰ ভাণ্ডাৰ গোটাবলৈ।
৫. কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত পাৰ্থক্য দুটা লিখা।
উত্তৰঃ
- ক) কৃপণৰ হাত টান; ধোঁৱাখুলীয়া খৰচ কৰে।
- খ) কৃপণে সঞ্চয় কৰে; ধোঁৱাখুলীয়াই ক্ষয় কৰে।
Assamese Question Answer Class 11
- ধনৰ ব্যৱহাৰ – সত্যনাথ বৰা
- অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদৰ্পণ – পদ্মনাথ গোহাঞি বৰুৱা
- গৌৰৱ – কালিৰাম মেধি
- কিতাপৰ কথা – প্ৰফুল্ল দত্ত গোস্বামী
- গিবন – হোমেন বৰগোহাঞি
- কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান – ড° হীৰেন গোঁহাই
- অসমৰ পুৰণি খেল-ধেমালি – সুবোধ মল্ল বৰুৱা
- এভাৰেষ্টৰ সপোন আৰু বিভীষিকা – প্ৰণয় বৰদলৈ
- বিয়াৰ প্ৰেজেন্ট – চৈয়দ আব্দুল মালিক
- ৰাৱণক বিভীষণৰ সজ উপদেশ – মাধৱ কন্দলি
- বৰগীত :জয় জয় যাদৱ – শংকৰদেৱৰ
- ধনবৰ আৰু ৰতনী – লক্ষ্মীনাথ বেজবৰুৱা
- বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা
- লাচিত ফুকন – দেৱকান্ত বৰুৱা
- ৰাজপথ -ভৱানন্দ দত্ত
- এখন চিঠি – হেম বৰুৱা