Class 10 Assamese Question & Answer (2025) Chapter Name – বৰগীত

বৰগীত – কবিঃ শ্ৰী শ্ৰী মাধৱদেৱ

বৰগীত হৈছে অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাসৰ এক অমূল্য সম্পদ। এই গানসমূহ বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্বসমূহ প্ৰচাৰ আৰু ভক্তিৰ বিস্তাৰৰ বাবে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচনা কৰা হৈছিল। বৰগীতৰ মাধ্যমে ভক্তি আন্দোলন আৰু নৱ বৈষ্ণৱ ধৰ্মৰ গভীৰ সাৰবস্তু প্ৰকাশ পাইছে।

🔹 বিষয়বস্তু: বৰগীতত ভক্তিৰ গভীৰতা, জীৱনমুখী চিন্তা আৰু নৈতিক শিক্ষা অন্তর্ভুক্ত।
🔹 লক্ষ্য: অসমৰ কৃষ্টি-সংস্কৃতিৰ চিৰন্তন দিশ সমূহৰ উন্নতি।
🔹 লেখক: কবিঃ শ্ৰী শ্ৰী মাধৱদেৱ।

Class 10 Assamese Question & Answer (2025) দশম শ্ৰেণী অসমীয়া SEBA Class 10 Assamese Solutions Complete Q&A in Assamese

🔑 Key Features of This Chapter:

  • বৈষ্ণৱ ধৰ্মৰ মূল দৰ্শন।
  • আধ্যাত্মিক ভক্তি আৰু সংগীতৰ সাৰ।
  • শ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি।
i) শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কত আৰু কেতিয়া হৈছিল? (1 Mark )

Ans: শ্ৰী শ্ৰী মাধৱদেৱৰ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ (1489) চনত জন্ম হয়।

ii) শ্ৰী শ্ৰী মাধৱদেৱ কোন ধৰ্মৰ প্ৰচাৰক আছিল? (1 Mark )

Ans: শ্ৰী শ্ৰী মাধৱদেৱ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল।

iii) মাধৱদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি? (1 Mark )

Ans: মাধৱদেৱৰ পিতৃ গোবিন্দগিৰী ভূঞা আৰু মাতৃ মনোৰমা।

iv) মাধৱদেৱ কাৰ প্ৰিয় শিষ্য আছিল? (1 Mark )

Ans: মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল।

 

v) মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি কত কত ধৰ্ম প্ৰচাৰ কৰিছিল? (1 Mark )

Ans: মাধৱদেৱে গুৰু শংকৰদেৱৰ পদাংক অনুসৰণ কৰি বাৰাদি, গণককুছি,সুন্দৰীদিয়া, ভেলাডাংগা আদিত ধৰ্ম প্ৰচাৰ কৰিছিল।

 

vi) মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ কি? (1 Mark )

Ans: মাধৱদেৱৰ সাহিত্য জীৱনৰ কিৰ্তস্তম্ভ হ’ল ‘নামঘোষা’।

vii) ‘নামঘোষা’ৰ অন্য এটা নাম কি? (1 Mark )

Ans: ‘নামঘোষা’ৰ অন্য এটা নাম হ’ল ‘হেজাৰী ঘোষা’।

viii) ‘নামঘোষা’ খনক কিয় ‘হেজাৰী ঘোষা’ বোলা হয়? (1 Mark )

Ans: ‘নামঘোষা’ খনত এহেজাৰটা ঘোষা থকা বাবে এই খনক ‘হেজাৰী ঘোষা বোলা হয়’। 

ix) ‘নামঘোষা’ খন কাৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ? (1 Mark )

Ans: ‘নামঘোষা’ খন মাধৱদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ।

x) মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনাৰ নাম লিখা? (1 Mark )

Ans: মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ’লー ‘ৰাজসূয় কাব্য’, ‘আদিকাণ্ড ৰামায়ণ’।

xi) মাধৱদেৱৰ দুখন তত্ত্বমূলক ৰচনাৰ নাম লিখা? (1 Mark )

Ans: মাধৱদেৱৰ দুখন আখ্যানমূলক ৰচনা হ’লー ‘জন্মৰহস্য’, ‘ভক্তি-ৰত্নাৱলী’।

xii) মাধৱদেৱৰ এখন নাটৰ নাম লিখা? (1 Mark )

Ans: মাধৱদেৱৰ এখন নাট হ’লー ‘অৰ্জুন-ভঞ্জন বা দধিমথন’।

xiii) মাধৱদেৱৰ দুখন ঝুমুৰাৰ নাম লিখা? (1 Mark )

Ans: মাধৱদেৱৰ দুখন ঝুমুৰা হ’লー ‘চোৰধৰা’, ‘ভোজনবিহাৰ’।

xiv) মাধৱদেৱে কাৰ টোলত বহি শিক্ষালাভ কৰিছিল? (1 Mark )

Ans: ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত বহি শিক্ষালাভ কৰিছিল।

xv) মাধৱদেৱে ক’ত শংকৰদেৱৰ সৈতে লগ হৈছিল? (1 Mark )

Ans: মাধৱদেৱে ধুৱাহাট বেলগুৰিত শংকৰদেৱৰ সৈতে লগ হৈছিল।

xvi) মাধৱদেৱে ৰামায়ণৰ কোন খণ্ড প্ৰণয়ন কৰে? (1 Mark )

Ans: আদিকাণ্ড ৰামায়ণ।

xviii) মাধৱদেৱৰ বৰগীতত কি কি ভাবৰ প্ৰকাশ অধিক? (1 Mark )

Ans: বাৎসল্য, দাস্য আৰু সাম্যভাবৰ প্ৰকাশ অধিক।

xix) বৰগীত কবিতাটো কি ৰাগত বন্ধা? (1 Mark )

Ans: বসন্ত ৰীগত।

xx) কবিয়ে কিহত আতুৰ হোৱা বুলি কৈছে? (1 Mark )

Ans: কবিয়ে বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে।

xxi) মোহপাশ মানে কি? (1 Mark )

Ans: সাংসাৰিক মোহ মায়াৰ বন্ধোনকে মোহপাশ বুলি কোৱা হয়। এই মোহপাশ শব্দৰ অৰ্থ হ’লー মায়াৰ বন্ধন।

xxii) বৰগীতটি কাৰ দ্বাৰা ৰচিত? (1 Mark )

Ans: বৰগীতটি মাধৱদেৱৰ দ্বাৰা ৰচিত।

xxiii) মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত কি ভাব প্রকাশ পাইছে? (1 Mark )

Ans: মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিত মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট ভাৱ প্ৰকাশ পাইছে।

xxiv) ভক্তৰ বাবে পৰম ধন কি? (1 Mark )

Ans: ভক্তৰ বাবে পৰম ধন হ’লー হৰিৰ চৰণ।

xxv) মহাপুৰুষ শংকৰদেৱে কিমান বৰগীত ৰচনা কৰিছিল? (1 Mark )

Ans: মহাপুৰুষ শংকৰদেৱে বাৰ (12) কুৰি বৰগীত ৰচনা কৰিছিল।

xxvi) মাধৱদেৱে মুঠ কিমান বৰগীত ৰচনা কৰা বুলি পণ্ডিত সকলে ঠাৱৰ কৰিছিল? (1 Mark )

Ans: নকুৰি এঘাৰটা বা ১৯১ (191) টা।

xxvii) মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ কোনটো চৰিত্ৰ পৰিস্ফুট? (1 Mark )

Ans: মাধৱদেৱৰ বৰগীত সমূহত ঘাইকৈ কৃষ্ণৰ লিলা বিষয়টো পৰিস্ফুট।

Facebook
WhatsApp
Telegram
Print
Email

2 thoughts on “Class 10 Assamese Question & Answer (2025) Chapter Name – বৰগীত”

Leave a Comment