তুমি চাগে নাজানা,
মোৰ উৰুঙা দুহাতত
এবুকু আন্তৰিক প্ৰতিশ্রুতি তুলি
ভালপাওঁ বুলি কোৱাৰ দিনাই
পূৰ্ণ হৈছিল প্ৰেমৰ প্ৰতিটো সংজ্ঞা
সাম্প্রতিক,
তমসাছন্ন হৃদয়ত
অবিষাদ উশাহবোৰে
জোনাকৰ চন্দ্ৰতাপ তৰিছে,
গলি যোৱা যাতনাৰ বাটে বাটে শিপাইছে
তুমি নামৰ এটি প্রাণসূর্য
আৰু এমুঠি মৰমৰ বাসনা…
সত্যজিত | হৃদয়বার্তা – Assamese Poem